দৰিদ্ৰতাৰ সংজ্ঞা: দৰিদ্ৰতা হ’ল এনে এক অৱস্থা বা পৰিস্থিতিত যিটোত এজন ব্যক্তিৰ জীৱন-যাপনৰ বাবে প্ৰয়োজনীয়তাসমূহ অভাৱ হয় আৰু সমাজত উচ্চমান বিশিষ্ট জীৱন-যাপন কৰিবলৈ অক্ষম হয়। সংজ্ঞা : Goddardৰ মতে,"দৰিদ্ৰতা মানে কোনো ব্যক্তিৰ আৰু লগতে তেওঁৰ দ্বাৰা নিৰ্ভৰশীল স্বাস্থ্য, শক্তিৰ পৰিবৰ্তনৰ বাবে অপৰিহাৰ্য হোৱা প্রয়োজনসমূহৰ যোগানৰ অভাৱ।"Gillen, Dittmar, Colbert আৰু Kastler-এ দৰিদ্ৰতাৰ ব্যাখ্যা এনেদৰে আগবঢ়াইছে যে দৰিদ্ৰতাই এজন ব্যক্তিৰ সমাজত জীৱন নিৰ্বাহৰ পৰিস্থিতিকে বুজায় য'ত তেওঁৰ অপর্যাপ্ত আয় বা অবিবেচিত খৰচৰ কাৰণে এক উচ্চ মানবিশিষ্ট জীৱন-যাপন কৰিবলৈ অক্ষম হয় আৰু যিটো কাৰণে তেওঁ আৰু তেওঁৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত তেওঁৰ সদস্যভূক্ত সমাজৰ মানদণ্ড অনুসৰি আগবঢ়াত বাধাৰ সৃষ্টি হয়। Harrington-ৰ মতে, “দৰিদ্ৰতা হৈছে কোনো এখন সমাজৰ বিশ্বাস প্রমূল্য আৰু প্ৰযুক্তিবিদ্যাৰ সৈতে সামঞ্জস্য থকা বিনোদন, শিক্ষা, গৃহ, স্বাস্থ্য আৰু আহাৰৰ নূন্যতম মানদণ্ডৰ পৰা বঞ্চনা।” দৰিদ্ৰতাৰ কাৰণ :ভাৰতবৰ্ষত দেখা দিয়া দৰিদ্ৰতাৰ কাৰণসমূহ তিনিটা প্রধান শিতানত আলোচনা কৰিব পাৰি।যেনে-ক)অর্থনৈতিক কাৰণসমূহ: ভাৰতবৰ্ষত যি অনুপাতে অর্থনৈতিক উন্নতি হ'ব লাগিছিল সেই অনুপাতে নোহোৱাৰ বাবেই দৰিদ্ৰতাই প্ৰসাৰ লাভ কৰিছে।ত্রুতিপূর্ণ পাঁচবছৰীয়া পৰিকল্পনাৰ কাৰণে ভাৰতবৰ্ষত দৰিদ্ৰতা বিশেষভাৱে বৃদ্ধি পাইছে। পাঁচবছৰীয়া পৰিকল্পনাই দেশখনত নিয়োগৰ সুবিধা বঢ়োৱা আৰু মানৱ সম্পদ বিকাশ কৰাত ধাৰ্য্য কৰা লক্ষ্যৰ পৰা বহুত দূৰত থাকি গ'ল।যেতিয়ালৈকে এই দোষবিলাক আঁতৰ কৰা নাযায় আৰু যেতিয়ালৈকে দেশখনৰ কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা আৰু উন্নয়নৰ বিষয় দুটা গুৰুত্ব সহকাৰে নলয় তেতিয়ালৈকে ভাৰতবৰ্ষত দৰিদ্ৰতা সমস্যাটো এক জলন্ত সমস্যা হৈ থাকিব। মুদ্রাস্ফীতিৰ কাৰণেও দৰিদ্ৰতাৰ ওপৰত হেঁচা পৰে। ভাৰতবৰ্ষৰ সকলো ৰাজ্যতে সমভাৱে বিজ্ঞানসন্মত প্রণালীৰে কৃষিকার্য নকৰাৰ বাবে কৃষিজাত সামগ্ৰীৰ অধিক উৎপাদন নোহোৱাৰ কাৰণে দেশখনত দৰিদ্ৰতাই গা-কৰি উঠিছে।বৃটিছ চৰকাৰে প্ৰৱৰ্তন কৰা জমিদাৰী ব্যৱস্থাও দৰিদ্ৰতাই প্ৰসাৰ লাভ কৰাৰ আন এটা কাৰণ। (খ)জনসাংখ্যিক কাৰণসমূহ : জনসংখ্যা বৃদ্ধিয়ে দৰিদ্ৰতা জন্মৰ আন এটা কাৰণ। জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে জনমূৰি উপভোগ আৰু খৰচৰ মাত্রা কমি আহে। (গ) সামাজিক কবেগসমূহ :সামাজিক কানণসমূহৰ ভিতৰত যৌথ পৰিয়াল, জাতি বাবস্থা আৰু ধর্মীয় বিশ্বাস আদি উল্লেখ কৰিব পাৰি।যৌথ পৰিয়ালাত সদস্য নিন্মতম নিৰাপত্তা পোৱাৰ কাৰণে এওঁলোক অলস প্রবৃত্তিৰ হয় আৰু ঘৰতে থাকি ভাল পায়।সেয়েহে যৌথ পৰিয়ালে ডেকা সদস্যসকলক নতুন বৃত্তিৰ সন্ধানত ঘৰ এৰি যাবলৈ উদগনি নিদিয়ে। জাতি ব্যৱস্থাই কিছু পৰিমাণে দৰিদ্রতাৰ প্রশয় দিছে।কিয়নো জাতি ব্যৱস্থাৰ এটা জাতিৰ সদস্যসকলে নিজৰ জাতিৰ বৃত্তিৰ বাহিৰে আন জাতিৰ বৃত্তি গ্রহণ কৰিব নোৱাৰে। ইয়াৰ উপৰিও কিছুমান ধর্মীয় বিশ্বাস,যেনে কর্ম আৰু মায়া আদিৰ প্রভাৱত একাংশ হিন্দুৱে অর্থনৈতিক উন্নয়নৰ বাবে অধিকশ্ৰম নকৰে। নিৰক্ষৰতাও দৰিদ্ৰতাৰ আন এটা কাৰণ। নিৰক্ষৰতাই ব্যক্তি আৰু সমাজৰ উন্নয়নৰ বাধা জন্মায়।ভাৰতবৰ্ষত দৰিদ্রতা বৃদ্ধি পোৱাৰ কাৰণে অতীতৰ বিদেশী শাসনো জগৰীয়া। দৰিদ্রতাৰ লক্ষণ: ৱেষ্টন হেনৰিয়ে দৰিদ্ৰতাৰ লক্ষণ সম্পর্কে তলত দিয়া দিশসমূহ উল্লেখ কৰিছে। ক)জীৱন নির্বাহৰ কার্য বা কৌশলৰ অভাৱ।(খ)সম্পদ(ধন, ভূমি, ঋণ )ৰ দুৰ্বলতা।(গ)নিৰাপত্তাহীনতা আৰু নিৰাশাৰ অনুভূতি।(ঘ) সমাজৰ আন লোকৰ সৈতে সামাজিক সম্পর্ক স্থাপন তথা ৰক্ষা কৰি চলাৰ অসমর্থতা ঙ) গৃহহীনতা, ভিক্ষাবৃত্তি আৰু ক্ষমতাহীনতা চ) নিম্ন মানদণ্ডৰ জীৱিকা আৰু জীৱন নির্বাহৰ প্রণালী। দৰিদ্ৰতাৰ পৰিণাম: দৰিদ্ৰতাৰ কবলত পৰা এজন ব্যক্তিয়ে তলত উল্লেখ কৰা পৰিণামসমূহ ভোগ কৰিবলগীয়া হয়।ক)জীৱিকা আৰু জীৱন নিৰ্বাহৰ প্ৰণালী নিম্নগামী হয়। খ)মানসিক আৰু শাৰীৰিক ভাবে দুৰ্বল হৈ পৰে।গ)সামাজিক নিৰাপত্তাহীনতাত ভোগে।ঘ)কেতিয়াবা গৃহহীন হৈ পৰে।ঙ)দৰিদ্ৰতাই মানুহক অনাহাৰ, পুষ্টিহানতা আৰু মৃত্যুৰ পথলৈ আগবঢ়াই লৈ যায়।(চ) মানুহৰ নিৰ্দিষ্ট মানদণ্ডৰ বাসস্থানৰ অভাৱ হয়।ছ)ল'ৰা-ছোৱালীক শিক্ষাৰ ক্ষেত্ৰত সুবিধা দিব নোৱাৰা হয় আৰু ফলস্বৰূপে সিহঁতৰ পঢ়া-শুনাৰ অৱস্থা অতি পুতৌজনক হৈ পৰে। দৰিদ্ৰতা উপশমৰ ফলদায়ক ব্যৱস্থাৱলী: দৰিদ্ৰতা উপশমৰ বাবে কেতবোৰ ফলদায়ক উপশমৰ প্ৰয়োজন।তলত সেই বিষয়ে আলোচনা কৰা হ'ল-ক)নিয়োগ প্রদান দৰিদ্ৰতা উপশমৰ এক প্রধান উপায়। ভাৰতবৰ্ষৰ নিচিনা এখন দেশে দৰিদ্ৰতাৰ পৰা উপশম পাবলৈ হ'লে কুটীৰ আৰু ক্ষুদ্ৰ উদ্যোগৰ ওপৰত অগ্রাধিকাৰ দিব লাগিব। এনেধৰণৰ উদ্যোগসমূহত দুখীয়াসকলে নিযুক্তি পাব(খ)ক্ষুদ্ৰ আৰু উপান্তৰিত কৃষকসকলক কৃষিজাত কর্মত নতুন কৌশল অৱলম্বন কৰাৰ বাবে আকৃষ্ট কাৰোৱাব লাগিব। গ)জনসংখ্যা নিয়ন্ত্ৰণ কৰাত চৰকাৰ কঠোৰ হ'ব লাগিব।ঘ) দেশখনত চলি থকা চোৰাং বেপাৰ, ক'লা বজাৰ আৰু ক'লা ধন নির্মূল কৰিবৰ বাবে চৰকাৰে দৃঢ় পদক্ষেপ ল'ব লাগিব। ঙ) বিকেন্দ্রীকৃত পৰিকল্পনাৰ মাধ্যমেৰে দৰিদ্ৰতা দূৰীকৰণৰ আঁচনি প্রস্তু কৰিব লাগিব।গাঁও অঞ্চলত গাঁও পঞ্চায়তসমূহে ভূমিকা পালন কৰিব লাগিবআৰু নগৰ অঞ্চলত পৌৰ প্রশাসনে দৰিদ্ৰতাসকলৰ বাবে আঁচনি গ্রহণ কৰিব লাগিব। (চ) আমাৰ আইন ব্যৱস্থা এনেদৰে সম্পাদন আৰু প্রয়োেগ হ'ব লাগে যাতে ধনী লোকসকলক কৰ শোধনৰ পৰা কৌশলগত ভাৱে এৰাই যাব নোৱাৰে। গ্রাম্যঞ্চলৰ মাটি বেনামীভাৱে হস্তান্তকৰণ আৰু ভাগ বাটোৱাৰৰ পৰা ৰক্ষা কৰিব লাগে।ছ)অনা চৰকাৰী স্বেচ্ছাসেৱী সংগঠনমূলক দৰিদ্ৰতা উপশমৰ বাবে হাতত লোৱা আঁচনিসমূহৰ লগত জড়িত কৰোৱাব লাগিব। স্বেচ্ছাসেৱী সংগঠনবিলাক থাকিলে দূর্নীতিৰ সম্ভাৱনা কম থাকিব।
No comments:
Post a Comment