Pages
▼
Pages
▼
Saturday, December 9, 2023
জাতি ব্যৱস্থা
জাতিৰ সংজ্ঞা : ক) ৰবাৰ্ট বায়ৰষ্টেডৰ মতে, “সামাজিক শ্রেণীয়ে যেতিয়া গতিশীলতা হেৰুৱাই পেলায়, তেতিয়াই জাতিৰ ৰূপ লয়।”খ) আন এজন সমাজতত্ত্ববিদ হাৰবাৰ্ট ৰিজলি ৰ মতে "জাতি একে নামধাৰী কিছুমান পৰিয়াল বা পৰিয়াল বৰ্গৰ সমষ্টি, যিসকলে কোনো এক বাস্তৱ বা কাল্পনিক পূৰ্বজৰ বংশধৰ বুলি পৰিচয় দিয়ে, একে ধৰণৰ পৰম্পৰাগত বৃত্তি গ্ৰহণ কৰে আৰু নিজকে এটা স্বজাতীয় সংগঠন বুলি মত প্রকাশ কৰে”। সমাজতত্ত্ববিদ ডি. এ. স্মিথৰ মতে এটা জাতি হৈছে কিছুমান পৰিয়ালৰ সমষ্টি, যি প্ৰধানকৈ খোৱা-বোৱা আৰু বৈবাহিক ক্ষেত্ৰত পবিত্ৰতা ৰক্ষা কৰিবলৈ বিশেষ কেতবোৰ নীতি-নিয়মৰ দ্বাৰা আভ্যন্তৰীণভাৱে বান্ধ খাই থাকে। জাতি ব্যৱস্থাৰ গতিশীলতা : ক) বৈদিক যুগঃ বহুত মতভেদ থাকিলেও বেদৰ কাল নির্ণয় কৰোতাসকলৰ কিছুমানে খৃঃপূঃ ৬০০০ বছৰ পর্যন্ত আৰু কিছুমানে খৃঃপূঃ ১০০০ বছৰ পৰ্যন্ত সময় ছোৱাক বৈদিক যুগ বুলি ক'ব খোজে। বৈদিক যুগৰ জাতি প্ৰথাৰ কথা যজুর্বেদত উল্লেখ আছে।সেই যুগত আজিৰ দৰে জাতি প্ৰথাৰ মাজত কটকটীয়া বন্ধোন নাছিল।এই যুগত ব্ৰাক্ষ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ এই চাৰিটা ভাগ পোৱা গৈছিল । অৱশ্যে,ব্ৰাক্ষ্মণ, ক্ষত্রিয় আৰু বৈশ্যৰ তুলনাত শূদ্ৰ বৰ্ণৰ উল্লেখ পৰিসীমিত ।ব্রাহ্মণ, ক্ষেত্রিয় আৰু বশ্য--এই তিনিও বৰ্ণৰ মাজত খোৱা-বোৱা , চাল-চলন আৰু বৈবাহিক ক্ষেত্রতো বিশেষ পাৰ্থক্য নাছিল।বৈদিক যুগীয় বর্ণ ব্যৱস্থা জন্মৰ বিপৰীতে কৰ্মৰ ওপৰাত আধাৰিত আছিল ।খ)উত্তৰ বৈদিক যুগ: পি. 'ভি. কানেৰ মতে খৃঃ পূঃ ৬০০ ৰ পৰা ৩০০ খৃষ্টাব্দলৈকে উত্তৰ বৈদিক যুগ বুলি ধৰা হয়। এই যুগত মনুসংহিতা আৰু কৌটিল্যৰ অর্থশাস্ত্র ৰচনা কৰা হৈছিল।এই যুগত বৈদিক যুগীয় বর্ণ-ব্যৱস্থাত বিভাজনৰ সৃষ্টি হয়।এই উত্তৰ বৈদিক যুগতেই বর্ণাশ্রম ধর্মই জাতি ধর্মৰ ৰূপ লয়।বৃত্তিৰ পবিত্রতা আৰু অপবিত্রতা ধাৰণাই এই যুগতে যজমানি প্রথাৰ সহায়ত বৃত্তিক জাতিগত বা জন্মগত কৰাৰ বাতাবৰণ সৃষ্টি কৰাত জাতিৰ সংস্তৰণ স্পষ্ট হৈ পৰে। বৌদ্ধ ধৰ্মৰ উত্থানৰ সময়ত ক্ষত্রিয় স্থান ব্রাহ্মাণতকৈ উচ্চ আছিল। কিন্তু বৌদ্ধ ধর্ম আৰু জৈন ধর্মৰ পতনৰ লগে লগে ব্রাহ্মণৰ সামাজিক স্থান উচ্চ হ'বলৈ আৰম্ভ কৰে।এই যুগত অন্তঃজাতি বিবাহৰ ওপৰত আৰোপ কৰা কঠোৰ নিষেধে অস্পৃশ্যসকল পঞ্চম বর্ণ, পিছত পঞ্চম জাতিলৈ ৰূপান্তৰিত হয়।এই যুগত শূদ্রসকলৰ কথা স্পষ্টভায়ে পোৱা যায়।শূদ্রসকলৰ চাল-চলন, আচৰণ প্ৰণালী, প্রস্থিতি আক বৃত্তি সীমাবদ্ধ হৈ পৰে। সেই সময়ত জাতিৰ নিয়মভঙ্গকাৰীক জাতিচ্যুত কৰাৰ ব্যৱস্থাও প্রৱর্তন কৰা হৈছিল।উচ্চ-নীচ বা স্পশ্য-অস্পৃশ্যতাৰ বিচাৰ উত্তৰ বৈদিক যুগত স্পষ্ট হৈ উঠে।ধর্ম-শাস্ত্র যুগ : জি. এচ ঘুৰীৰ মতে এই যুগৰ সময় ৩০০ খৃষ্টাব্দৰ পৰা ১০০০ বা ১১০০ খৃষ্টাব্দলৈকে ধৰা হৈছে। এই যুগতে উত্তৰ বৈদিক যুগত অংকুৰিত হোৱা জাতি ব্যৱস্থাৰ কঠোৰ নিয়মবোৰ পূৰ্ণৰূপত প্রকাশ পায়। এই যুগত ৰাজন্য অনুগ্রহৰ জৰিয়তে ব্ৰাক্ষ্মণসকলে নিজৰ সামাজিক শ্রেষ্ঠত্ব লাভ কৰিবলৈ সুবিধা পায়।এই সময়ছোৱাতেই ব্রাহ্মণসকলক সম্পূর্ণ শাৰীৰিক শ্ৰমৰ পৰা অব্যাহতি দিয়া হয়। ধর্মশাস্ত্র যুগত জাতিসমূহ বিভিন্ন উপজাতিত বিভক্ত হোৱাই নহয়, আন্তঃজাতি বিবাহৰ ওপৰত ব্রাহ্মণে তৈয়াৰ কৰা ৰীতিয়ে বিভিন্ন উপজাতিক জাতিৰ ৰূপ দিয়াৰ কথাও মনুসংহিতাত পোৱা গৈছে। এই যুগত বৈশ্য আৰু শূদ্ৰৰ মাজত পাৰ্থক্য কমি গৈ দুয়োটা বর্ণ প্রায় একেই হৈ পৰে আৰু সামাজিক প্রস্থিতি নিম্ন স্থানত নিৰ্দ্ধাৰিত নিম্ন হয়গৈ। প্রতিলোম বিবাহৰ দ্বাৰা সংমিশ্র জাতিৰ সৃষ্টি হয় আৰু এইবিলাকে নিম্ন সামাজিক প্রস্থিতি লাভ কৰিবলৈ ধৰে। এওঁলোকক শুভ্র হিচাপে গণ্য কৰা হয়। (ঘ)মুছলমান যুগ বা মধ্যকালীন যুগঃ ভাৰতবর্ষলৈ মুছলমানসকলৰ আগমনৰ লগে লগে জাতি সংৰচনাৰ পৰিৱর্তন ঘটিবলৈ ধৰে ।মুছলমানসকলৰ সামাজিক-সাংস্কৃতিক সংশ্লেষণ ফলস্বৰূপে জটিল আৰু বিচিত্ৰধৰ্মী হিন্দুৰ জাতি ব্যৱস্থাৰ কিছু পৰিৱৰ্তন সাধন হ’বলৈ ধৰে।মুছলমানসকলৰ সামাজিক ভাবাদর্শত সকলো মানুহ সমান। এই আদর্শ হিন্দু জাতি ব্যৱস্থাৰ পৰিপন্থী আছিল।আকবৰে ধর্মান্তৰ অস্বীকাৰ কৰা হিন্দুৰ ওপৰত "জিজিয়া” কৰ লগাইছিল।সম্ৰাট আকবৰে জাতি ব্যবস্থাৰ কঠোৰতা আঁতৰাবলৈ প্রচেষ্টা চলাইছিল। ব্রাহ্মণসকলে ইয়াৰ বিপৰীতে নিজৰ প্ৰভাৱ অক্ষুন্ন ৰাখিবলৈ উঠি পৰি লাগিছিল ।অস্পৃশ্যতাৰ আদর্শ অধিক কঠোৰ হিচাপে পালন কৰি অস্পৃশ্য জাতিবোৰক একেবাৰে পৃথক কৰি দিয়ে। হিন্দুৰ ছোৱালী অন্য ধর্মীয় লোকৰ লগত যাতে বিয়াবাৰু হ'ব নোৱাৰে তাৰ বাবে বাল্যবিবাহ প্রচলন আৰু বিধবা বিবাহ নিষেধ কৰি দিয়ে। সতীদাহ প্রথা ব্যাপক হৈ উঠিছিল আৰু অন্তঃজাতীয় বিবাহ একেবাৰে নিষিদ্ধ কৰা হৈছিল। (৩)বর্তমান যুগ বা আধুনিক যুগঃ ভাৰতবৰ্ষত ইংৰাজ শাসনৰ প্রতিষ্ঠাৰ পৰা বর্তমান সময়লৈকে এই যুগ ধৰা হয়। ইংৰাজ শাসন কালত পাশ্চাত্য শিক্ষা প্রচাৰৰ লগে লগে নতুন অর্থনৈতিক গাঁথনি, যাতায়াত আৰু সঞ্চৰণৰ প্ৰসাৰণ, নগৰীয়া প্রভাৱ, ধর্মীয় আৰু ৰাজনৈতিক চিন্তা-চর্চা আৰু সংস্কাৰ আন্দোলনৰ লগে লগে জাতি ব্যৱস্থাৰ পৰিৱর্তন আৰম্ভ হ'বলৈ ধৰিছিল ।ইংৰাজ শাসকসকলে নিজৰ আধিপত্য স্থাপন কৰাৰ লগে লগে ভাৰতীয় সামাজিক বিষয়বোৰতো হাত দিবলৈ আৰম্ভ কৰে। কিছুমান অধিনিয়ম প্রস্তুত কৰি জাতি ব্যবস্থাৰ ৰক্ষণশীলতা দূৰ কৰিবলৈ চেষ্টা কৰিছিল। ১৮৫০ চনত জাতি নির্যোগ্যতা উন্মুলক অধিনিয়ম, 1955 চনত অস্পৃশ্যতা অপবাদ অধিনিয়ম আদি বিভিন্ন ধৰণৰ আইন প্ৰস্তুত কৰি আন্তঃজাতি বিবাহত উৎসাহ দিয়া, বিবাহ ক্ষেত্রত জাতি ব্যৱস্থাৰ পৰা উদ্ভৱ হোৱা বহুতো বাধা-নিষেধ আঁতৰোৱা আৰু হৰিজনসকলৰ সকলো নির্যোগ্যতা সমাপ্ত কৰিবলৈ চেষ্টা কৰা হয়। ভাৰতবর্ষই স্বাধীনতা লাভ কৰাৰ পিছত সাংবিধানিক ব্যৱস্থাৰ দ্বাৰা অন্যান্য দিশৰ পৰিৱর্তন সাধন কৰাৰ দৰেই জাতি-ব্যবস্থাৰ ক্ষেত্রতো পৰিৱর্তন সাধন কৰা হৈছে। সাংবিধানিক নীতি অনুসৰি ভাৰতবর্ষ এখন গণতান্ত্রিক, ধর্মনিৰপেক্ষ আৰু সমাজবাদী ৰাষ্ট্র। ভাৰতীয় সংবিধানৰ মতে সকলো জাতিৰ লোকৰ অধিকাৰ সমান। আধুনিক যান্ত্রিক সমাজত বস্তুবাদী চিন্তা-চৰ্চাৰে জাতি ব্যৱস্থাত থকা ব্যক্তিৰ গোড়া, কঠোৰ ৰীতি-নীতিবিলাকৰ পৰিৱৰ্তন কৰাত সংবিধানে সহযোগিতা আগবঢ়াইছে।সংবিধানে জাতি, ধর্ম, বর্ণ, সম্প্রদায় নির্বিশেষে সকলো লোককে সমান সা-সুবিধা আৰু মর্য্যাদা প্রদান কৰিছে। স্বাধীন ভাৰতৰ মূল নীতি আৰু আর্দশত জাতি-বৈষম্য; জাতি-বিবোধ, স্পৃশ্য অস্পৃশ্য স্থান নাই। দুর্বল, সম্বলহীন আক নিম্ন বুলি বিবেচনা কৰা লোকসকলৰ বাবে সংবিধান ৰক্ষাকবচ স্বৰূপ।আধুনিক বস্তুবাদী দৃষ্টিভংগীয়ে মানুহৰ ৰক্ষণশীল ৰীতি-নীতিসমূহৰ পৰিৱৰ্তনত ইন্ধন যোগাই আহিছে। পশ্চিমীয়া শিক্ষা-সভ্যতাই সাম্প্রতিক জনমানসত যি প্রভাৱ পেলাইছে, তাৰ পৰিণতি স্বৰূপ ৰক্ষণশীলতা,অন্ধ-বিশ্বাস, কু-সন্ধোৰ আদি আঁতৰি গৈছে। অন্তর্বিবাহীসমূহবোৰেও সাম্প্রতিক কালত বহির্বিবাহ কৰিবলৈ লৈছে। ধর্মীয় সংস্কাৰ হিচাপে পৰিগণিত হৈ অহা হিন্দু বিবাহ সামাজিক চুক্তিলৈ ৰূপান্তৰ হৈছে। এনেবোৰ কাৰণতে জাতি-ব্যৱস্থাৰ দ্রুত পৰিৱর্তন সাধন হ'বলৈ ধৰিছে আৰু পৰম্পৰাগত ভাৰতীয় সমাজৰ বহুবোৰ ৰক্ষনশীল নীতি-নিয়ম ক্রমাগতভাৱে অবলুপ্ত হৈ আহিব ধৰিছে।
No comments:
Post a Comment