জীৱনৰ সোঁতি অন্য একো নহয়, মাথোঁ সময়ৰ সতে গতি কৰা এক যাত্ৰা । ক'ত কেতিয়া সময়ে এৰি গুচি যাব, সেইটো কোনেও নাজানে ।কিন্তু সময়ে এৰি গুচি গ'লেও সময়ৰ একোৱেই অনিষ্ট নহয়, হয় মাথোঁ জীৱনটো । জীৱনটো অন্ত পৰে আৰু পৃথিৱীখনত কিছু মূহুৰ্তৰ বাবে ৰৈ থাকে আত্মাহীন শৰীৰৰটো । তাৰ প্ৰতি নাথাকে কাৰোঁ প্ৰেম, মাথোঁ এটাই সৎকাৰ কৰিব লাগে । সময়ৰ সোঁততে গৈ লীন হৈ যায় জুইৰ সতে বা মাটিৰ সতে ।কিন্তু আত্মাহীন হৈ পৰি থকা জীৱন্ত ৰূপ হিচাপেই দেখা পায় কেৱল আমাৰ পিতৃ- মাতৃয়ে আৰু কোনে জানা ?---তোমাক আমাক প্ৰিয় হিচাপে লোৱা গুৰুজনে । এজন শিক্ষকৰ প্ৰিয় ছাত্ৰ-ছাত্ৰী হোৱাতো পৃথিৱীৰ আটাইতকৈ কঠিন কাম । নিজৰ লক্ষ্য বিন্দুত উপনীত হ'বলৈ যিমান কঠিন , তাতকৈও কোটি কোটি গুণৰ কঠিন কাম । যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষকৰ প্ৰিয়ভাজন হ'ব পাৰে ।তেওঁলোকৰদৰে দৰে সৌভাগ্যশালী আৰু নাই । তেওঁলোকে জীৱনত লাভ কৰে দ্বিতীয়জন পিতৃ-মাতৃ। পিতৃ মাতৃয়ে যি দৰে নিজৰ জীৱন ত্যাগ দি সন্তানৰ মংগলৰ কামনা কৰে ।সেইদৰে এজন প্ৰকৃত শিক্ষকেও নিজৰ জীৱন উৎৰ্গা কৰি অৰ্জিত সকলো জ্ঞান শিষ্যজনক দি শ্ৰেষ্ঠ কৰি তুলিবলৈ প্ৰয়াস কৰে । শ্ৰেষ্ঠ আসন কেৱল ভক্তি, সাধনা আৰু নিজৰ কৰ্তব্য সুপালন কৰি জগতৰ মংগলৰ বাবে কৰ্ম সম্পাদন কৰি লাভ কৰিব পাৰি ।কিন্তু কোৱাত যিমান সহজ হাতে-কামে কৰাত সিমান সহজ নহয় ।
No comments:
Post a Comment