Pages

Pages

Friday, April 9, 2021

এনেকৈ নিদিবা মোক আন্তিম বিদায় (দৃশ্য --৬)

                                     দৃশ্য -৬

দিন বাগৰি নিশা হয় । নিশাৰ অন্তত আকৌ  ৰঙা সূৰুজে কিৰণ বিলাই  ধৰণীক উজ্বলাই তোলে । মেদিনীৰ প্ৰতিটো জীৱই প্ৰকৃতিৰ লগত নিজকে খাপ খুৱাই ল'বলৈ  কৰ্মক আঁকোৱালি লয় । ময়ো নিজৰ মনক হেৰফেৰ হ'ব নোৱাৰাকৈ  লক্ষ্যৰ জৰিৰে বান্ধি আগবাঢ়ি যাবলৈ প্ৰয়াস কৰিলোঁ । কিন্তু জীৱন নদীৰ সোঁতটোক হেজাৰে বেঠা মাৰি পোনাই নিবলৈ প্ৰয়াস কৰিলেও সহজ হৈ নুঠে । এনে হয় - কেতিয়াবা  যেন বেঠাহীন ভাবেই পোন গতিত গৈ থাকে । আকৌ কেতিয়াবা মুহূৰ্ততে সৰ্পিল গতিৰে পথ লয় । সৰ্পিল গতিত বেঠা মাৰি চিধা কৰিবলৈ গৈও বিফল হৈ এচুকত গৈ পৰি ৰওঁ । এৰা-ধৰা  মাজেৰে ষষ্ঠ শ্ৰেণীৰপৰা সপ্তম শ্ৰেণীলৈ স্থান দশল কৰিলোঁ তৃতীয় । মনত আনন্দ জোৱাৰ । কিন্তু,  দুটামান দিশে মোক ঢেঁকিৰ থুৰাই ঠেকেচা দৰে সদায় ঠেকেচি ঠেকেচি মনটোক চেপেটা কৰিছিল । 

            এটা দিশে জুৰুলা কৰিবলৈ ঠেকেচিলে মনলৈ লৈ আহে মাথোঁ   --এৰা বস্তু আকৌ কিয়  ? আনৰ সুখত তুমি কিয় ? নিজেতো নিদিয়া  , পোৱা  সুখকণত  তেন্তে  তুমি  কিয় ?   মানে মনলৈ আহে নিৰ্জুমণিয়ে প্ৰাঞ্জলক ভাল পাব লাগে কিয় ? ---তেতিয়াই মনলৈ লৈ আহোঁ এই ধাৰণাবোৰ ।  কি ক'ম , কোনে  বুজিব বুকুখনত খোছা মাৰি ধৰা জোংবোৰৰ বিষৰ যন্ত্ৰণাবোৰ । সহ্য কৰিব নোৱাৰোঁ , যেতিয়া নিৰ্জুমণিয়ে প্ৰাঞ্জলৰ লগত  কথা পাতি খিল খিলাই থাকে । এনে যেন লাগে গৈ প্ৰাঞ্জলৰ বুকুতে ধৰি লওঁ  আৰু দি দিওঁ  নেকি  কেই ঘুচামান । কিন্তু মনক বহুত ধৰ্য্যৰে থমাই যাওঁ । মনে মনে ভাবোঁ  , নিৰ্জুমণিয়ে হয়তো মনৰ দুখবোৰ পাতলাবলৈয়ে এনে কৰিছে । হয়তো দুখবোৰ লৈ তো জীৱনৰ খুজবোৰ দিব নোৱাৰে । ময়ো তাৰ আনন্দত  সুখী হোৱা উচিত । মোৰ ভাল পোৱাত তাইৰ সুখ আৰু আনন্দ থাকক । দিন বাগৰি যোৱা লগে লগে সহিব পৰা ক্ষমতাও বাঢ়ি গ'ল । কেৱল সেয়াই  নহয়,  সময়ৰ গতিয়ে প্ৰাঞ্জলৰ প্ৰতিও মোৰ এক আন্তৰিকতা উপজাই তুলিল । ভাল সহপাঠী তথা বন্ধু হিচাপে মন জয় কৰিল । হয়তো নেদেখাজনে মোৰ  মংগলৰ বাবেই প্ৰাঞ্জল -নিৰ্জুমণিৰ  সম্পৰ্ক গঢ়ি তুলিল । মোৰ প্ৰেমৰ লীলাতকৈ সিহঁতৰ প্ৰেমৰ ফুলনিৰ সৌন্দৰ্য্য বহুগুণে মুগ্ধ । খং ভাৱ আঁতৰি  মন পাতল হৈ পৰিল । দুয়োৱে  একেলগে বহি চানা-মটন খোৱা,  টিফিনৰ সময়ত ফিল্ডত দুয়ো বহি বাৰ্তালাপ কৰা,  হাতত ধৰা-ধৰিকৈ আহা-যাহ কৰা ইত্যাদি ইত্যাদিবোৰে মোৰ মনত পাছলৈ একোৱেই সাঁচ পেলাব পৰা নাছিল । কিন্তু মনলৈ এটাই আহিছিল  --ভাল পাওঁ বাবেই তোমাক,  তোমাৰ সুখ-আনন্দ বিচাৰোঁ । তুমি  সুখী,  মই সুখী । দুখে বিন্ধিছে,  কিন্তু  সহ্য কৰিছোঁ । তুমি সুখী হোৱা । 

          মোৰ কথা এৰিলোঁ । কিন্তু  মোৰ গেঙৰ সদস্যবৃন্দই হ'লে  সিহঁতৰ প্ৰেমৰ লীলা সহ্য কৰিব নোৱাৰে । কিয় পাৰিব নো , দৌষ্টিৰ গাৰ্ল ফ্ৰেণ্ডক কোনোবাই পতাই ল'লে খং নুঠা সকল  দৌষ্টি হ'বই নোৱাৰে ।

এটি সোমবাৰৰ কথা । প্ৰাঞ্জল আৰু নিৰ্জুমণিয়ে ফিল্ডত বহি আড্ডা  পিটি আছে । মই বাৰাণ্ডাৰ পৰা চাই আছিলোঁ । মোৰ লগৰ এজনো স্কুলত আহি পোৱা নাছিল । বাৰাণ্ডাৰপৰা চাই থাকোঁতে মুকুন্দ আহি উপস্থিত হ'ল । স্কুলত প্ৰৱেশ কৰোঁতে মুকুন্দৰ চকুতো সিহঁত ওপৰত পৰিল । মুকুন্দই কাষলৈ আহি কয় --" অই,  আজি ৰঙা কৰি পঠিয়াম বাপেকে । তই একো কৰিব নালাগে । তই ফচিব নালাগে । স্কুলৰপৰা ওলাই যাব লগা হ'লে মই যাম । আজি ইয়াক ৰঙা কৰিয়েই যাম । ছোৱালী পগলাটো । বেলেগ ছোৱালী দেখা নাই । তই কিন্তু মাজত সোমাই নলবি দেই ।"

: " কি হ'ল ? যোৱা বেগটো থৈ লোৱাগৈ । আজি ইমান দেৰিলৈকে তোমাৰ  বাহিৰে কোনো পোৱাহি নাই যে ।"-- লাহেকৈ কথাষাৰ কৈ পিঠিত হাতখন থৈ শ্ৰেণীৰ কোঠালৈ সোমাই গ'লোঁ । বেগ থৈ ওলাই আহোঁতেই  বলিন পালেহি । 

 বলিনে মোৰ হাতত বেগটো দি কয়--"যোৱা চুন  মিণ্টু  , মোৰ বেগটো বেঞ্চত  থৈ  আহাগৈ । অই মুকুন্দ  , সৌটোক চা --- , লাইন মাৰিছে । কুকুৰাটোক জিভা কাটি দিঙগৈ বৈ । সি আমাক চিনি পোৱা নাই । তাৰ বাপেকৰ বিয়া দেখুৱাই দিম । লাইন মাৰিবলৈ ছোৱালী পোৱা নাই ।"

: " বৈ বৈ তাক ৰঙা মাটি,  বগা মাটি কৰি দিম । আমাক চিনি পোৱা নাই । " মুকুন্দই জাঙোৰ খাই কয় ।  ---" অই , যোগেশ্বৰ আৰু পৱিত্ৰ আহিলে কৈ দিবি যাবলৈ ,  আমি  ৰঙা কৰিবলৈ গৈ আছোঁ । "

মোৰ লগত সিহঁত দুয়ো শ্ৰেণী কোঠালৈ  সোমাই আহে ।আনফালে পৱিত্ৰ আৰু যোগেশ্বৰেও আহি  দৰ্জা মুখত পাইহি ।,

: " বৈ বৈ বৈয়ে আও । কাক ৰঙা কৰিব লাগে,  আমি আহি গ'লোঁ বে ।" -- পৱিত্ৰই দৰ্জা মুখৰ পৰা মাত দিয়ে । মোক বেগটো দলিয়াই  দি কয় --এইটো ধৰ পাটনাৰ  । আ যাঔ সব ।" 

" কোন বে সেইডাল ? আজি মজা পাব সি ।" --- যোগেশ্বৰে হাত দুখনত থাপৰি মাৰি কয় ।

" সৌ প্ৰেম পগলাটো " -- মুকুন্দই  আঙুলিয়াই দি কয় - "বৈ ।"

" ঔ প্ৰাঞ্জল কুট্টা,   আজি প্ৰাঞ্জল চাঞ্জল হৈ যাব । তাক চাই আছোঁঙ্গ বহুত দিনৰ পৰা । আজি হৈ গ'ল তাৰ বে । বৈ  বৈ । আগত  কাম  , পাছত  নাম । "--- যোগেশ্বৰে আঙুলিৰ মুঠি  বজাই কয় ।

মই সিহঁতৰ কথাৰ মাজত সোমাবলৈ সুবিধাই পোৱা নাছিলোঁ । শ্ৰেণীৰ পৰা ওলাই যাবলৈ লওঁতে কওঁ--" অই ৰ' চুন কি হ'ল তোমালোকৰ ?  বাদ  দে , তোমালোক মোৰহে বন্ধু ।"

" আঁৰেই য়াৰ,  পাছ ফালৰ পৰা কেলেই মাত দিয়' ৰে । তাৰ তেল ফাঁটিছে । দেখিছ নাই । নাই নাই আজি আৰু নৰখোং । দিমেই  দিম । তই  নালাগে । ছাৰে,  মাৰিলে আমাক মাৰিব । তোক নফচাং । তই  দূৰৰপৰা চাই থাক । তাক  যদি  আজি ----"  বুলি মুকুন্দই কথাবোৰ কৈ শেষ কৰোঁতেই  বলিনে কয়  ---" যি হয় হ'ব । ডোণ্ট কেয়াৰ । মুঠতে আজি প্ৰাঞ্জল হ'বই  কেয়া । গৈ ডাৰেক্ট জেগাত দিম । "

" মই চলি কুচাতে ধৰি চুছৰাই আনিম । কুকুৰে ছোৱালী পটাবলৈ ষ্টাইলত চুলি কটা মজা আজি দেখুৱাই দিম বাপেকে । --যোগেশ্বৰে দাঁত দুপাৰি কৰচি গৰজি উঠে । এনে সময়তে সুৰভি আহি শ্ৰেণীকোঠাৰ দৰ্জা মুখত উপস্থিত হয় । আমাক দেখি তাই  কয়  --'  বাহ , কি মেল বহিছে নো ? " 

" একো নাই , মিণ্টুৱে নিৰ্জুমণিৰ লগত কথা পাতিবলৈ মন কৰিছে । আমাক মাতি আনিবলৈ   কৈছে,  তইতো জানই তাক মাতি আনিবলৈ আমাৰ সাহস নাই । যা চোন , তই মাতি আনি সহায় কৰ , অই । আৰু অলপ দেৰি হ'লে ঘণ্টাই পৰিব  , মনৰ কথা মনতে ৰৈ যাব । যা যা খৰকৈ । বেগটো  দে মই  থৈ দিওঁ ।" ---এই বুলি পৱিত্ৰই  সুৰভিক কৈ নিৰ্জুমণিক প্ৰাঞ্জলৰ ওচৰৰপৰা আঁতৰাই আনিবলৈ সুৰভিক পঠিয়াই দিলে । আমি সকলোৱে পৱিত্ৰৰ মুখলৈ থৰ লাগি চাই ৰ'লোঁ । মই ভাবিলোঁ সি কিয় মিছাকৈ মোৰ কথা কৈ নিৰ্জুমণিক মাতি পঠিয়ালে । মইতো মাতা নাই ।  মই কি কম এতিয়া । আৰু হঠাতে প্লেন সলনি হৈ গ'ল যে । খঙবোৰ নোহোৱা হৈ  ক'লৈ গ'ল । মুখত আকস্মিক হাঁহি ক'ৰ পৰা আৰ্বিভাৱ হ'ল । মই তাক--" অই " বুলি মাতি মুখ মেলোঁতেই যোগেশ্বৰে পৱিত্ৰক এক ঘুচা দি কয়--" ভয় পাণ্ডুৰা,  ভয় খাইছ । নালাগে তই যা । আমি তিনিটাই কাফি । " 

" আকাহ্ , ৰ' ৰ' । মোৰ কথাটো শুন প্ৰথমতে । চা --- , নিৰ্জুমণিয়ে যদি তাৰ ওচৰত থাকে,  আমি তাক কেনেকৈ মাৰিম । নিৰ্জুমণিয়ে জানোঁ কাজিয়াখন নেৰোৱাব । তাতেই লাগিব জগৰ । নিৰ্জুমণিয়ে আমাক বেয়া পাব । তাতে ছাৰৰ ওচৰত নিৰ্জুমণি সাখী হৈ পৰিব । গতিকে,  সাপো মৰক,  লাঠিও ভাগক । সেইফালে আঁতৰি এইফালে আহক । আমি দূৰত ঢোল কোবাই বিহু নাচিম । ঢোলটোক প্ৰতিটো কোবত হৈ কঢ়ায়  হৈ কঢ়ায় মাত উলিয়াম । পাতিব  নে নেপাতে । এৰিব নে নেৰে । আৰু কৈ থম যে আমি যদি তাক বালোঁ বুলি কয়, তেন্তে তাক  একেবাৰে খালাচ কৰি দিম বুলি । " --বুলি কৈ পৱিত্ৰই  যোগেশ্বৰৰ পিঠিত ধকিয়াই কয়---" কি বেয়া কৰিলোঁ নেকি পঠিয়াই  ?"

" ল'ৰাটো মেথা কিছু আছে ৰে । অই , চা চা--- ছোৱালী  পাগলাটো লগতে আহিছে । বৈ তাক তাত ৰখাই থম । নহ'লে সকলো ওলোটা হৈ যাব।তোমাৰ দৰে গেংটোত এজন মেথা থকা মানুহ লাগে ।"--- বলিনে পৱিত্ৰৰ পিঠিত ধকিয়াই কয় ।

" অই , তই নাই মাতা বুলি নকবি । যি পাত , পাতি থাকিবি । চলৌ চিপাহিঔ , চলৌ ।"-- বুলি কৈ গোটেইকেইটা ৰোমটোৰপৰা ওলাই যায় । মই থকবক খাই কি কৰোঁ , কি নকৰোঁ লগা ওগুল-থুগুল মনটোক লৈ ৰোমতে বহি ৰ'লোঁ । খিৰিকিখনেদি চাই পঠিয়াৱাত দেখিলোঁ প্ৰঞ্জল , নিৰ্জুমণি আৰু সুৰভি তিনিও কথাৰ ঢৌত হাঁহি হাঁহি আহি আছে । গৈ লগ হ'ল গৈ ইহঁত চাৰি । দেখিলোঁ,  প্ৰাঞ্জলে আগতে  পৱিত্ৰক কান্ধত ধৰি মাত দিছে । তাৰ পাছত ধৰিছে বলিনক । ওচৰতে সুৰভি আৰু নিৰ্জুমণিয়েও ৰৈ  আছে । তাৰপাছত দেখিলোঁ নিৰ্জুমণিয়ে পৱিত্ৰ আৰু যোগেশ্বৰৰ হাতত ধৰি লগত আহিবলৈ টানিছে । মই ভাবিলোঁ,  কি হ'ব এতিয়া । নিৰ্জুমণিয়ে গমেই পালে নেকি ? মই সিহঁতক পঠিয়াইছোঁ বুলি ভাবিছে নেকি  ? মই  সিহঁতক চাই থাকোঁতে ৰোমত সোমালহি  মাজনি । আহি কাষতে বহিল । ক'লে -- " কি চাইছ , ভাইয়া । ঔ নিৰ্জুমণিক চাই আছ ।" মাজনিয়ে  টপৰাই কাষৰপৰা উঠি গৈ  দৰ্জা মুখৰ পৰা চিঞৰিলে   --" অই,  সোনকালে আহ,  গোটেই খিনি ।" 

সকলোৱে আহি শ্ৰেণীকোঠাত সোমাল । মাজত নিৰ্জুমণি , নিৰ্জুমণিয়ে বাঁওহাতে ধৰি আছে পৱিত্ৰক আৰু সোঁহাতেৰে ধৰি আছে যোগেশ্বৰক। আহিল , কাষত বহিল । ক'লে --" কোৱা,  কিয় মাতিছিলা ।" 

মই মুখ মেলা আগতেই  যোগেশ্বৰে ক'লে --" আমিহে মাতিছিলোঁ । ই মাতা নাই ।" 

" মিণ্টু,  তোমাৰ বাবে মই  পেঞ্চিল এডাল আনিছোঁ । ৰ'বা আনিছোঁ । " -- প্ৰাঞ্জলে গৈ বেগৰপৰা এডাল কাঠ পেঞ্চিল আৰু  কেইটামান টেঙা মটন লৈ আহে । প্ৰথমে মোক পেঞ্চিলডাল দিয়ে । তাৰপিছত সকলোকে এটা এটা মটন দিয়ে । সেই ক্ষণতে প্ৰাৰ্থনাৰ বাবে বেলটো টং টং টঙকৈ বিজিল । সকলোৱে প্ৰাৰ্থনাৰ বাবে ওলাই গ'লোঁ । গৈ প্ৰাৰ্থনাৰ শাৰীত থিয়  হ'লোঁ । মোৰ পাছত প্ৰাঞ্জল থিয় হ'ল । মোক ককালত ধৰি তাৰ থুটলিটো মোৰ কান্ধত থৈ তাৰ মূৰটো মোৰ মূৰটোৰ লগত লাহে লাহে খুন্দিয়াই থাকে । জানোঁ কিয়,  সেই মূহুৰ্তত মোৰ এনে যেন লাগিল মোৰ বন্ধুৱে মোক ধৰি আছে । মই  নিমাত হৈ আছিলোঁ । আগফালৰপৰা মাত  আহিল--" চাবধান " । প্ৰঞ্জলে লগে লগে মোৰ কঁকালৰ পৰা হাত দুখন আঁতৰাই থিয় হৈ ৰ'ল । ময়ো ৰ'লোঁ । প্ৰাৰ্থনা আৰম্ভ হ'ল । শেষ হ'ল । শ্ৰেণীৰ কোঠালৈ গ'লোঁ । নিজৰ নিজৰ আসনত বহিলোঁগৈ । 

" আজি বাছি গ'ল । ৰ' তাক ।" --বলিনে লাহেকৈ মুকুন্দক ক'লে ।  লাহেকৈ মই ক'লোঁ  --" বলিন,  বাদ দিয়া সেইবোৰ ।  তোমালোকে কাজিয়া কৰি থাকিব নালাগে । তাক একোৱেই নকৰিবা হাঁ ।" 

" হ'ব দে , তই নকৰিবি কৈছ যেতিয়া একোৱেই নকৰোঁ  । বাদ দিলোঁ আকোনো ।" 

" হ'ব , বাৰু । আজি  মই  দ্বিতীয়ত  বহোঁ  । "

" হ'ব হ'ব ব'হ্  । কিন্তু  গণিতৰ ক্লাছত হ'লে প্ৰথমত বহিব লাগিব ।"----এই বুলি যোগেশ্বৰে কৈ বেঞ্চখনৰ প্ৰথমত বহিল । গণিত আৰু বিজ্ঞানৰ কলাংশ ক'লেই  আমাৰ কলিজাটো কপি থাকে । কাৰণ গণিত-বিজ্ঞানৰ শিক্ষক শ্ৰীযুত যুগল কোঁৱৰ ছাৰে আমাক সদায় ৰঙা চকুৰে চায় । শ্ৰেণীত প্ৰৱেশ কৰা লগেই লগেই আমাৰ  বেঞ্চখনলৈ দৃষ্টি পেলায় । ছাৰৰ কাৰা নিৰ্দেশ--আমি তেখেতৰ ক্লাছত একেলগে কেতিয়াও বহিব নোৱাৰোঁ । যদি  ছাৰৰ কথাক অমান্য কৰোঁ,  তেন্তে  পিঠি আৰু হাতত পোৱা  কোবত  চকুৰ আগত ৰঙা-নীলা দেখি যাওঁ । সেয়ে আমি  পাঁচোজনে ভাগ  হৈ  বহোঁ এই দুটা ক্লাছত । নকওঁ  ক'লেও ক'বই লাগিব যে  আমাৰ বেঞ্চখন শেষৰ বেঞ্চ । সেই দিনটোত মোৰ আৰু  বলিনৰ পাল আছিল শেষৰ বেঞ্চত । আনফালে যোগেশ্বৰৰ পাল আছিল  আমাৰ আগৰ বেঞ্চখনত প্ৰঞ্জলহঁতৰ লগত ।  গণিতৰ কলাংশ আহিল । সকলোৱে নিতৌ সলনি কৰি কৰি  বহা নিয়মানুসাৰে বহিলোঁ । শেষৰ বেঞ্চখনৰ প্ৰথমত মই । মোৰ আগৰ বেঞ্চখনৰ প্ৰথমত মানস । মানসৰ ওচৰত প্ৰাঞ্জল । প্ৰাঞ্জলৰ পাছত মানে মই বহা বেঞ্চখনৰ দ্বিতীয়ত বলিন বহিছিল । ক্লাছ চলি থকা সময়তে হঠাতে আহিল  এক দুৰ্গন্ধ । গোন্ধ পাই সকলোৰে নাক কোচখাই গ'ল । প্ৰাঞ্জলে আমাৰ ফালে ঘূৰি ক'লে পান্দিলে কোনোবাই । প্ৰাঞ্জলৰ চকু বলিনৰ চকুত পৰিল। বলিনে ভাবিলে তাকেই কৈছে । বলিনে লাহেকৈ ক'লে --" মই  পান্দিলোঙ্গ হা ---।" 

      বলিনৰ মাত গৈ  যুগল ছাৰৰ কাণত পাৰিলগৈ ।  ছাৰৰ পৰা বতাহ ফালি মাত আহিল  --" জধা মূৰ্খকেইটাৰ পৰা শান্তি নাই । এটা ক্লাছোও শান্তিত কৰিব নিদিয়ে । পঢ়াই থাকা সময়ত কিয় কথা পাতি থাকা । প্ৰাঞ্জল এইফালে আহা । যোৱা অফিচৰপৰা সোতৰ নম্বৰ বেটডাল লৈ আহাগৈ ।"

প্ৰাঞ্জলে যাওঁ নাযাওঁ কৈ গৈ  অফিচৰপৰা বেটডাল  লৈ আহিলগৈ । প্ৰাঞ্জলৰ বুকুখনো  যে  কঁপি আছিল , মই কিন্তু  এশ শতাংশই ক'ব পাৰোঁ । এফালে ভয় খাইছিল ছাৰে পিটিব,  আনফালে ভয় খাইছিল যদি বলিনক কোবাই তেতিয়া হ'লে আমাৰ গেংটোৱে তাক দিব । প্ৰাঞ্জলে ৰঙা জঙা পৰি গৈছিল । টেবুলখনত বেটডাল থৈ  ভয়ে ভয়ে আহি নিজৰ আসনত বহিলহি । 

"মিণ্টু উঠা , কোনে কথা পাতি আছিল ? "---ছাৰে খঙেৰে ডাঙৰকৈ মাত দিছিল ।

" ছাৰ,  তেনেকৈ কথা পাতা নাছিলোঁ । প্ৰাঞ্জলেহে আমাৰ পাছফালে চাই পান্দিলি বুলি কৈছিল ।" 

"বহা , তুমি ।"

মই  ভয়ে ভয়ে বহিলোঁ । মনতে ভাবিলোঁ , আজি মাৰ খালোঁ আৰু ভালকৈ । মাৰ খোৱাতকৈ নিৰ্জুমণিৰ আগত লাজ পোৱাতোহে মোৰ মনত এক লজ্জাবোধে বাহৰ পাতি লৈছিল । নিজুমণিৰ সন্মুখত নিজকে এজন সভ্য হিচাপে চিনাকী দিবলৈ সদায় প্ৰয়াস কৰোঁ । কিন্তু সময়ৰ প্ৰৱাহেৰে গাঁঠি যোৱা বেটডালে কোবাই কোবাই দেখোন কল্পনাক অজলা সজাই জোলোঙা কৰি লয় । হয়তো কেতিয়াবা সেই জোলোঙা হোৱাৰ সুযোগকণ মই নিজেই দিওঁ নতুবা কেতিয়াবা মোৰ বন্ধুবৰ্গই দিয়ে । কিন্তু চিধা হৈ হ'লে সদায় টিকি থাকিব নোৱাৰোঁ ।

             ছাৰে , বেটডাল লৈ আহি আমাৰ ওচৰত পালেহি । ছাৰৰ খঙাল চকু দুটা আৰু মুখমণ্ডলৰ বৰণ দেখি বুজি পাইছিলোঁ যে তেখেতৰ খং যে গৈ মূৰৰ চূলিৰ ওপৰত ৰৈ আছেগৈ । আৰু সেই খং নমাবলৈ যে আমাৰ ওপৰত সোতৰ নম্বৰ বেটডাল ব্যৱহাৰ কৰিব সেইটো খাটাং ।

" কিয় পঢ়ুৱাৰ সময়ত কথা পাতি  থাকা  । মা -দেউতাই গৰম গৰম ভাত খুৱাই পঠিয়াব ল'ৰা বনক বুলি তোমালোকে ক্লাছত মষ্টি কথা পাতিবা। মিণ্টু,  উঠা । কোৱা  , কোনে কথাপাতিছিল ?

       

No comments:

Post a Comment