Pages

Pages

Friday, August 2, 2019

এনেকৈ নিদিবা অন্তিম বিদায়

 
                       এনেকৈ নিদিবা  মোক অন্তিম বিদায়।

শুনিছানে তুমি, নীল আকাশৰ গুম গুমণি
 চোৱা চৌদিশে সৌ আকাশখনৰলৈ ,
বতাহেও মোক কোবাইছে,
ওহ ! বৰ বিষাইছে,
এনেকৈ আৰু মোক নামাৰিবা  অ' ।
মইনো কি অপৰাধ কৰিলোঁ,
নিজৰ কথা এবাৰো নেভাবিলো ।

শুনা, শুনা , শুনা -----
 সৌৱা বিহুৰ ঢোলৰ গুম গুমণি
ছাগে-----
 তুমি খুবেই সুখী নহয় নে?

আহ ! বৰ বিষ হৈছে অই 
সময় বাৰু কিয় ইমান নিষ্ঠুৰ হৈ ৰ'ল ।
সকলো শেষ হ'ল,
একো নালাগে মোক ,
জানা..............................
কিন্তু মোক এনেকৈ নেৰিবা অ' 
এবাৰো অতীতে ভূমুকিয়াই তোমাক একোৱেই নকয় নে ?

আজি বৰ মনত পৰিছে
তুমি মই  দুয়ো যে মেলাত চকৰিত উঠিছিলোঁ
 মই তোমাক কৈছিলোঁ
ভয় নকৰিবা, মই আছোঁ তোমাক ধৰি ল'ম।
তুমি  কৈছিলা ভয় নকৰিব, মই তোমাক ধৰি আছোঁ ।

এয়া কি তেজ ?
মই মৰিব নিবিচাৰোঁ ------
মই তোমাৰ দৰেই জীয়াই থাকিব বিচাৰোঁ
মোক জীয়াই থাকিবলৈ দিয়া ।
নকৰোঁ , তোমাক একো আমনি
অন্তিম পৰত নিদিবা মোক এনেকৈ বিদায়
এনেকৈ নিদিবা মোক অন্তিম বিদায়।

No comments:

Post a Comment